ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 6:47 PM | Rongali bihu

printer

ৰাজ্যজুৰি ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

অসমবাসী হেঁপাহৰ ৰঙালী বিহুলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইপিনে, ভৌগালিক সূচাংক লাভ কৰা গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰশাসনে বহিঃৰাজ্যত প্ৰস্তুত কৰা যন্ত্ৰচালিত শালত প্ৰস্তুত কৰা গামোচাৰ আমদানি ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে বৰ্হি ৰাজ্যৰ পৰা অহা গামোচাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ পদক্ষেপ হিচাপে আজি গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই ভালেমান গামোচা জব্দ কৰিবলৈ সক্ষম হয়। বাপতিসাহোন ৰঙালী বিহু উৎসাহ-উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কর্মশালাসমূহ প্রায় অন্তিম পৰ্যায়ত উপনীত হৈছে।

ইপিনে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ মৰিল মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মহিলা কোষৰ উদ্যোগত আজি এদিনীয়া কাৰ্যসূচীৰে বহাগী বৈভৱ শীৰ্ষক এটা কাৰ্যসূচী অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ ১৫ টা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যসূচীত তেওঁলোকে প্রস্তুত কৰা পিঠাপনা, জা- জলপান, গামোচাকে ধৰি থলুৱা বস্ত্ৰ সম্ভাৰ বিক্ৰী কৰে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক