ডাউনলোড
মোবাইল এপ

android apple
signal

April 9, 2025 8:07 PM | Rongali bihu

printer

হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

গছ-বিৰিখে কুঁহিপাত সলাই, কুলি-কেতেকীয়ে গীত জুৰি বসন্তৰ আগজাননী দিয়াৰ লগে লগে অসমবাসী হেঁপাহৰ ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহুলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱটি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। গুৱাহাটী মহানগৰীত বিহুৰ প্ৰস্তুতি অব্যাহত থকাৰ লগতে অসমীয়া নৱবৰ্ষৰ বাবে নতুন সাজ-পাৰ ক্ৰয় কৰি আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইপিনে, ভৌগালিক সূচাংক লাভ কৰা গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰশাসনে বহিঃৰাজ্যত প্ৰস্তুত কৰা যন্ত্ৰচালিত শালত প্ৰস্তুত কৰা গামোচাৰ আমদানি ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে, ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্রায় অন্তিম পৰ্যায়ত উপনীত হৈছে।
ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত বিহুৰ আখৰা আৰু কৰ্মশালা চলি আছে। গোৱালপাৰা চহৰৰ বিহু ফিল্ডত অহা ১৪ এপ্ৰিলৰ পৰা চাৰিদিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক