ডাউনলোড
মোবাইল এপ

android apple
signal

August 12, 2024 6:01 PM | Bihar Accident

printer

বিহাৰৰ সিদ্ধেশ্বৰ নাথ মন্দিৰত সংঘটিত এটা দুৰ্ঘটনাত ৭ জন তীর্থযাত্ৰীৰ মৃত্যুৰ লগতে ১৬ জন আহত

বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত আজি পুৱা সংঘটিত এটা দুৰ্ঘটনাত পদপিষ্ট হৈ ৭ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৬ জন তীর্থযাত্রী আহত হৈছে। জেহানাবাদৰ আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰসাদ সিঙে কয় যে নিশা প্রায় ১ বজাত স্থানীয় কিছুসংখ্যক বিক্ৰেতা আৰু তীর্থযাত্ৰীৰ মাজত কোনো প্ৰসংগ লৈ সংঘটিত বিবাদৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে মন্দিৰটো অতি ঠেক স্থানত থকা বাবেই ভিৰ নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। পৱিত্ৰ শাওণ মাহৰ সোমবাৰে মখডামপুৰৰ বনোৱাৰ পাহাৰত অৱস্থিত ভগৱান শিৱৰ মূৰ্তিত জলাভিষেক প্রত্যক্ষ কৰাৰ উদ্দেশ্যে বহুসংখ্যক তীর্থযাত্ৰীৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত সমাগম হৈছিল। শ্রী সিঙে কয় যে আহতসকলক জেহানাবাদ সদৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে মৃতকসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে আহতসকলৰ প্ৰতিগৰাকীলৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে৷

অধিক পঢ়ক

সকলো চাওক