ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজ্যত শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ ব্যাপক তৎপৰতা আৰম্ভ । বিজেপিয়ে ৫ জন মন্ত্ৰীক ৫টা সমষ্টিৰ বাবে বিশেষ দায়িত্ব অর্পণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি এখন সংবাদ মেলত কয় যে, বিহালীত পীযূষ হাজৰিকাই, চামগুৰিত বিমল বৰাই, ছিদলীত অশোক সিংঘলে, ধলাইত জয়ন্তমল্ল বৰুৱাই আৰু বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাসে নির্বাচনী প্ৰস্তুতিৰ পৰা প্ৰচাৰলৈ সকলোখিনি তদাৰক কৰিব। তেওঁ জনোৱা মতে, উপ-নিৰ্বাচনত ছিদলি সমষ্টিত ইউ পি পি এল আৰু বঙাইগাঁৱত অগপ প্রার্থী দিয়াৰ বিপৰীতে বাকী তিনিটা সমষ্টিত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব। সমান্তৰালকৈ কংগ্ৰেছ দলেও উপ-নির্বাচনৰ বাবে সমষ্টিকেইটাত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি সমষ্টিকেইটাৰ স্থানীয় নেতাৰ সৈতে বার্তালাপ কৰি তৃণমূল পৰ্যায়ত দলৰ ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।
Site Admin | July 27, 2024 12:11 PM | bi-election assam 2024