ডাউনলোড
মোবাইল এপ

android apple
signal

November 5, 2024 6:39 PM | Bhupen hazarika

printer

ৰাজ্যজুৰি ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ লগতে সংগতি ৰাখি ৰাজ্যজুৰি আজি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱাৰে পৰা স্মৃতিচাৰণ সভা, সর্বধর্ম প্রার্থনা, গীত-নৃত্যৰ অনুষ্ঠান আদি অনুষ্ঠিত হৈছে। পুৱাৰ বেলা বিত্ত, মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আয়োজিত অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি আৰু প্ৰাক্তন সাংসদ কুইন ওজা উপস্থিত থাকে। সভাত বিশিষ্ট লেখক, সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰ বিষয়ে বক্তৃব্য আগবঢ়ায়। ইপিনে দীঘলীপুখুৰীৰ পাৰত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিস্থলীতো সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাই ১০ হেজাৰ বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰিছে। তেজপুৰত অনুষ্ঠিত ভূপেন হাজৰিকাৰ মৃত্যুবার্ষিকীৰ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলা আয়ুক্তকে ধৰি বহুকেইজন শিল্পী-সাহিত্যিকে অংশগ্ৰহণ কৰে।

কোকৰাঝাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে শিল্পীগৰাকীৰ এটা পূৰ্ণাৱয়ব মূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত শ্ৰী বড়োৰ লগত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শ‍ইকীয়া, বড়ো সাহিত্য সভাৰ সভাপতি সুৰৰ্থ নাৰ্জাৰী আৰু বিধায়ক লৰেন্স ইছলাৰীও উপস্থিত থাকে।

গোলাঘাটত স্মৃতি দিৱস উদযাপনৰ অনুষ্ঠানত জিলা ছাত্ৰ সন্থা আৰু ডº ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডº পীতাম্বৰ দেৱগোস্বামীক ডº ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান কৰা হয়। তদুপৰি চিৰাং, তিনিচুকীয়া, মঙলদৈ আদি জিলাতো বিশ্ব বৰেণ্য শিল্পীগৰাকীক সুঁৱৰি আজি সাংস্কৃতিক অনুষ্ঠান, বন্তি প্রজ্বলন আদি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাৰ বাতৰি আমালৈ আহি আহিছে।

অধিক পঢ়ক

সকলো চাওক