প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ আমৰেলীৰ পৰা ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথছোৱা দেশৰ নামত উৎসৰ্গা কৰে। প্ৰায় এক হাজাৰ ১০০ কোটি টকা ব্যয় সাপেক্ষে ১০১ দশমিক ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল পথছোৱা নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ৰে’ল পথছোৱাত ২৪খন ডাঙৰ দলং, ২৫৪খন সৰু দলং আৰু ৩খন উৰণ সেতু আছে। নতুন ৰে’ল পথছোৱাই ভূজ, দেশলপুৰ, সানোছাৰা, মোথালা, কোথাৰা আৰু নলিয়া ষ্টেচনকে ধৰি মুঠ এঘাৰটা ষ্টেচন সংযোগ কৰিছে। এই প্ৰকল্পই গুজৰাটৰ কটছ জিলাৰ আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশেষকৈ ইয়াৰ জৰিয়তে ৰান অফ কটছৰ পৰ্যটনে এক বিশেষ মর্যাদা লাভ কৰাৰ লগতে অঞ্চলটোত কর্মসংস্থাপনৰ সুবিধা বৃদ্ধি হ’ব। সমান্তৰালকৈ এই ব্যৱস্থাই অঞ্চলটোত অৱস্থিত চিমেণ্ট উদ্যোগসমূহক উন্নীত কৰাৰ লগতে নিমখ, খনিজ পদার্থ আৰু অন্যান্য কেঁচামালৰ পৰিবহণৰ ব্যৱস্থাক লাভান্বিত কৰিব। ইয়াৰ উপৰি কটছ জিলাৰ বন্দৰৰ জৰিয়তে আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰতো ইয়াৰ সুপ্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।
Site Admin | October 29, 2024 12:08 PM | Bhuj-Naliya rail line boost