ডাউনলোড
মোবাইল এপ

android apple
signal

January 11, 2025 1:32 PM | bhogali bihu assam

printer

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্রস্তুতি, ভোগালী মেলাৰ আয়োজন

ভোগালী বিহুলৈ মাজত মাথো ২টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকলে মেজি, ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জিলাৰ বজাৰসমূহতো চাহিদা অনুসৰি থলুৱা মাছৰ যোগান ধৰাৰ বাবে লখিমপুৰ, বৰুৱাবিল আদি স্থানীয় মীনমহল আৰু মীন উৎপাদকসকল সাজু হৈছে। বিহুৰ বতৰত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ প্ৰান্তে প্রান্তে ভোগালী মেলাৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত ধুবুৰী জিলা গোটৰ সহযোগত কালিৰে পৰা তিনি দিনীয়াকৈ ভোগালী মেলাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে উদ্বোধন কৰা এই মেলাত আত্মসহায়ক গোটৰ সদস্যাসকলে বিভিন্ন পৰম্পৰাগত বস্ত্র, জলপান, পিঠাপনাকে ধৰি খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। মৰিগাঁও জিলাৰ বিহুতলীত ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভোগালী মেলাত জিলাখনৰ ৫ টা উন্নয়ন খণ্ডৰ ৩২টা আত্মসহায়ক গোটে অংশগ্রহণ কৰিছে। তিৱা জনগোষ্ঠীৰ জনপ্রিয় শিল্পী ভগৱান সেনাপতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ সাজি উলিওৱা ভেলাঘৰ কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি আনন্দ প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক