অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘবিহু উদযাপন আৰম্ভ হৈছে। মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি চলিছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্রিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল, জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক ২ ঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কর্তৃপক্ষই অনুমতি দিয়ে। ৰাজ্যখনৰ মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্রাহকৰো ভিৰ পৰিলক্ষিত হয়।
মাঘ বিহু উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমবাসীক শুভেচ্ছা জনাইছে।
মাঘ বিহুত ৰাজ্যখনৰ বিভিন্ন ঠাইত আয়োজন কৰি অহা পৰম্পৰাগত ম’হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই বাৰ অনুষ্ঠিত নহয়।
কাইলৈ মাঘবিহুৰ দিনাখন ৰাজ্যখনৰ বিভিন্ন স্থানত ভোগালী উৎসৱ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
দেশৰ বিভিন্ন ৰাজ্যত পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটো লহৰী, মকৰ সংক্রান্তি, পোংগল উৎসৱেৰে উদযাপন কৰা হয়।