ডাউনলোড
মোবাইল এপ

android apple
signal

November 5, 2024 6:45 PM | Bhasa garuv saptah

printer

অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত ৩ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন

অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে লাভ কৰা স্বীকৃতিক উদযাপন কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত আজি এলানি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধনী ভাষণত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰাণজিৎ‍ কুমাৰ নাথে অসমীয়া ভাষাৰ গৌৰৱময় ঐতিহ্য আৰু ধ্রুপদী ভাষাৰ স্বীকৃতিৰ বিষদ আলোচনা আগবঢ়ায়। একেটা অনুষ্ঠানতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্রদান কৰে। ইপিনে তিনিচুকীয়া জিলাত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে গ্রাম্য জীৱিকা অভিযানৰ উদ্যোগত গাঁৱে গাঁৱে সজাগতামূলক সভাৰ আয়োজন কৰে। ভাষা গৌৰৱ সপ্তাহ উপলক্ষে আজি যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সভাত কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰীৰ উপস্থিতি জিলা কৃষি বিষয়াই অসমীয়া ভাষাৰ উৎপত্তি, অসমীয়া ভাষাত প্ৰকাশ পোৱা কাকত-আলোচনী আদিৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে ।

অধিক পঢ়ক

সকলো চাওক