ৰাজ্য চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ’ব। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান আৰু সমাজক ঐক্যবদ্ধ কৰাত ভাষাৰ অমূল্য অৱদানৰ উদযাপনৰ উদ্দেশ্যে এই সপ্তাহ পালন কৰা হ’ব । উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি উদযাপনৰ বাবে অসমীয়া ভাষা উত্তৰণৰ দিশত অৰিহণা আগবঢ়োৱা সাহিত্যিক আৰু পণ্ডিতসকলৰ সৃষ্টি কৰ্মৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তদুপৰি এই সপ্তাহৰ উদযাপনৰ অংশ হিচাপে আমাৰ জনজাতীয় ভাষা আৰু সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অন্য মাতৃ ভাষাসমূহৰ সংবর্ধনৰ বাবেও কাম কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
ইপিনে, অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতাসূচক বাৰ্তাৰ পত্ৰ প্ৰেৰণ কৰিবলৈ ৰাজ্যিক কেবিনেটে প্ৰস্তাৱ লৈছিল। এই প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই আজি অসম সাহিত্য সভাই প্রধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
ভাষা গৌৰৱ সপ্তাহ পালন কৰা সন্দৰ্ভত আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। এই সভাত সকলো শিক্ষানুষ্ঠান, বেচৰকাৰী সংস্থা, ৰাজহুৱা কাৰ্যালয়, সমিতি, সাহিত্য, সংগঠন আদিক এই সপ্তাহৰ কাৰ্যসূচী ল’বলৈ আহ্বান জনোৱা হৈছে।