ডাউনলোড
মোবাইল এপ

android apple
signal

August 17, 2024 7:12 PM | Bhada month

printer

ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত

অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পূণ্য তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহটো জুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ নাম প্ৰসংগ অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানত ভাদ মাহ উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। আজি শাওন ভাদৰ সংক্ৰান্তিৰ দিনটোত পুৱাৰে পৰা অগণন লোকৰ সমাগম হৈছে। আজিৰে পৰা ১৮ প্ৰসংগৰ নাম-কীৰ্তনেৰে থান চৌহদ মুখৰিত হৈ পৰিব। এই মাহটো বটদ্ৰৱালৈ দূৰ-দূৰণি অগণন লোকৰ আগমন ঘটে। অসমৰ ঐতিহ্যমণ্ডিত গোলাঘাটৰ শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত আজি ভাদ মাহৰ আৰম্ভণি উপলক্ষে বহু ভকত-বৈষ্ণৱৰ সমাগম হয়। এইবাৰ নামঘৰ পৰিচালনা সমিতিয়ে ভাদ মাহত মুঠ চাৰি প্ৰহৰ নামৰ ব্যৱস্থা কৰিছে। এই অনুসৰি পুৱা ৪ বজাত প্ৰথম প্ৰসংগ, ১১ বজাত দুপৰীয়াৰ প্ৰসংগ, দিনৰ ৩ বজাত বিয়লি প্ৰসংগ আৰু সন্ধিয়া ৬ বজাত সান্ধ্য প্ৰসংগ চলিব। তদুপৰি নিশা ১০ বজালৈকে নামঘৰৰ দুৱাৰ খোলা থাকিব বুলি জানিব পৰা গৈছে। যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক শ্ৰীশ্ৰীমাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা নামঘৰত আজি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটা উপস্থিত হৈ নেদেখাজনৰ আশীষ গ্ৰহণ কৰে। তেওঁ ভাদ মাহত ভকত-বৈষ্ণৱৰ অসুবিধা নোহোৱাকৈ সৰ্বতোপ্ৰকাৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

অধিক পঢ়ক

সকলো চাওক