যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি প্রতিষেধক প্রদান কৰা হৈছে। যক্ষ্মা নিবাৰণ শাখাই ২০২১ চনৰ পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আহিছে। বিশেষ কাৰণত বাঁও বাহুৰ ছিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল’ব । প্রাপ্তবয়স্ক যিকোনো সুস্থ লোকে এই বিনামূলীয়া বি চি জি প্ৰতিষেধক ল’ব পাৰিব। শিৱসাগৰ জিলাতো ভাৰত চৰকাৰৰ পাইলট প্রজেক্টৰ অধীনত যক্ষ্মা ৰোগ নিবাৰণৰ বাবে বি চি জি প্রতিষেধক প্রদান কার্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। জিলাখনৰ আদৰ্শ চৰকাৰী চিকিৎসালয়ৰ চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকি শুভাৰম্ভ কৰে। এই অভিযানৰ অধীনত জিলাখনৰ মুঠ এক লাখ ৫২ হাজাৰ ৮৫৩ গৰাকী প্রাপ্তবয়স্ক লোকক সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে এই পাইলট অভিযানত শিৱসাগৰৰ লগতে লখিমপুৰ জিলাকো সামৰি লোৱা হৈছে। শিৱসাগৰ জিলাৰ এহাজাৰ ৭০২টা কেন্দ্ৰত আজিৰেপৰা এই প্রতিষেধক প্রদান কার্যসূচী আৰম্ভ হৈছে।
Site Admin | June 11, 2024 8:45 PM | bcg veccine