ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ বর্ডে আইচিচি-টি-টুৱেণ্টী বিশ্বকাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ ১২৫ কোটি টকাৰ প্ৰাইজমানী ঘোষণা কৰিছে। শনিবাৰৰ নিশা কেনচিংটন অ’ভেলত ভাৰতৰ ঐতিহাসিক জয়ৰ পাছতে বিচিচিআইৰ সচিব জয় শ্বাহে এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে কয় যে ভাৰতীয় দলে সমগ্র টুৰ্নামেণ্টখনতে ব্যতিক্রমী প্রতিভা, দৃঢ়তা তথা খেলুৱৈসুলভ মানসিকতা প্ৰদৰ্শন কৰে। শ্ৰীশ্বাহে লগতে সকলো খেলুৱৈ, প্রশিক্ষক আৰু দলৰ সহযোগীসকলক এই উল্লেখনীয় কৃতিত্বৰ বাবে শুভেচ্ছা জনায়।
আইচিচি টি২০ বিশ্বকাপ জয়ী ভাৰতীয় দললৈ বিচিচিআইৰ ১২৫ কোটি টকা
