ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ দল ঘোষণা কৰিছে। এই দলত প্ৰথমবাৰৰ বাবে বাঁওহতীয়া পেছ বলাৰ য়াছ দয়াল অন্তৰ্ভুক্ত হোৱাৰ লগতে কে এল ৰাহুল আৰু ঋষভ পণ্ট পুনৰ অন্তর্ভুক্ত হৈছে। অহা ২৯ ছেপ্তেম্বৰত আৰম্ভ হ’বলগীয়া এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পাকিস্তানৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত ঐতিহাসিক জয় লাভ কৰাৰ পাছত বাংলাদেশে এই শৃংখলাত প্ৰৱেশ কৰিছে। আনহাতে ভাৰতে চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে ৪-১ৰ ব্যৱধানত টেষ্ট শৃংখলাত জয়লাভ কৰিছিল। উল্লেখযোগ্য যে ২০২২ চনৰ ডিচেম্বৰত ভাৰতে শেষবাৰৰ বাবে বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অৱতীৰ্ণ হোৱাৰ পাছত ঋষভ পণ্টে প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিছে। প্ৰথমখন টেষ্ট ক্রিকেটৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱা খেলুৱৈসকলক হৈছে- অধিনায়ক ৰোহিত শর্মা, বিৰাট কোহলি, যছস্বী জয়ছোৱাল, সুভমন গীল, কে এল ৰাহুল, ছৰফৰাজ খান, ঋষভ পণ্ট, ধ্ৰুৱ জুৰেল, ৰবীচন্দ্রন অশ্বিন, ৰবিন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, আকাশদ্বীপ, যশপ্রীত বুমৰাহ আৰু য়াছ দয়াল।
Site Admin | September 9, 2024 11:13 AM | BCCI announces India squad for 1st Test against Bangladesh