ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 6:23 PM | BCCI

printer

আই পি এলত বলত লালতি লগোৱা কাৰ্যত থকা নিষেধাজ্ঞা প্রত্যাহাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আই পি এল ক্রিকেট প্রতিযোগিতাৰ বাবে বলত লালতি লগোৱা কাৰ্যত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছে। ইয়াৰ লগে লগে আই পি এল, কোভিড কালত থকা এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰা প্ৰথমখন বৃহৎ পৰিসৰৰ লীগ খেল হিচাপে পৰিগণিত হ’ল। ২০২০ চনত মহামাৰীৰ সময়ছোৱাত আই চি চিয়ে বহু বছৰ পূৰ্বৰে পৰা চলি থকা বলত লালতি লগোৱা এই কাৰ্যৰ ওপৰত স্বাস্থ্যজনিত কাৰণত বাধা আৰোপ কৰিছিল। ২০২২ চনত আই চি চিয়ে এই নিষেধাজ্ঞা স্থায়ীভাৱে পালন কৰাৰ পোষকতা কৰে আৰু আই পি এলৰ খেলসমূহতো এই নিয়ম প্রযোজ্য হয়। আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে যোৱা শনিবাৰে মুম্বাইত অধিনায়কসকলৰ সৈতে হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতৰ মহম্মদ স্বামীকে ধৰি ভাৰনন ফিলেণ্ডাৰ আৰু টীম ছউডিয়ে বলত লালতি লগোৱা কাৰ্যই খেলত ছুইং আৰু ৰিভাৰ্ছ ছুইং বলিঙত সহায় কৰে বুলি ৰাজহুৱাভাৱে মন্তব্য কৰি এই প্ৰথা ঘূৰাই অনাৰ বাবে ওকালতি কৰিছিল।

অধিক পঢ়ক

সকলো চাওক