আত্মনিৰ্ভৰ ভাৰত শ্লোগানেৰে দেশৰ হস্ততাঁত শিল্পীসকলক উৎসাহিত কৰাৰ লগতে উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে এখন উন্নত বজাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে বৰপেটাত এখন বস্ত্ৰ মেলা অনুষ্ঠিত হৈছে। বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত এই ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাখন ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদ আৰু ৰাভা হাছং ক্ষেত্ৰীয় হস্ততাঁত তথা শিল্প সমবায় সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে। মেলাখনত অসমৰ লগতে হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰ, জম্মু- কাশ্মীৰ আৰু নাগালেণ্ডকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ শিল্পীসকলে অংশগ্রহণ কৰিছে। উৎপাদিত সামগ্ৰীসমূহ মেলাত প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীৰো ব্যৱস্থা কৰা হৈছে। অহা ২৩ অক্টোবৰলৈকে চলিবলগীয়া মেলাখনত কমেও এক কোটি ২০ লাখ টকা মূল্যৰ সামগ্ৰী বিক্ৰীৰ লক্ষ্য লোৱা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে। ৰাভা হাছং ক্ষেত্ৰীয় হস্ততাঁত তথা হস্তশিল্প সমবায় সমিতিৰ পৰিচালন সঞ্চালকে মেলাখনে হস্ততাঁত শিল্পীসকলৰ কাৰণে এখন বজাৰ সৃষ্টি কৰিব পৰা বুলি মন্তব্য কৰিছে।
Site Admin | October 19, 2024 7:03 PM | barpeta textile