বৰপেটাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে বৰপেটা জিলাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। কৃষি মন্ত্ৰ্যালয়ৰ উপ-সচিব মণিসুন্দৰ বেনাৰ্জীয়ে আজি দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী পোষণ আঁচনিখনৰ ৰূপায়ণ সম্পর্কে বুজ লয়। তেওঁ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন পৰিৱেশনৰ ব্যৱস্থা, যোগান ধৰা খাদ্যৰ গুণগত মান আদি পৰ্যবেক্ষণ কৰে। ইয়াৰ লগতে তেওঁ শিক্ষানুষ্ঠানখনত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ডিজিটেল পুথিভঁৰালটো পৰিদৰ্শন কৰে। উপ-সচিবগৰাকীয়ে শিক্ষানুষ্ঠানখনত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ একাংশ হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰে।

অধিক পঢ়ক

সকলো চাওক