অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত আজি বৰপেটাত প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় মুকলি কৰা হয়। ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদত থকা বৰপেটা কেন্সাৰ কেয়াৰ চেণ্টাৰত স্থাপন কৰা মহাবিদ্যালয়খন ৰাজ্যৰ পৰিবহণ, বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদর্শী চিন্তা-চৰ্চাৰে এই মহাবিদ্যালয়খন স্থাপন কৰা হৈছে। ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত নাৰ্ছসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নাৰ্ছিং শিক্ষাৰ প্ৰসাৰৰ বাবে পদক্ষেপ লৈছে। যোৱা বাৰৰ ৰাজ্যিক বাজেটত অসমত ৯খন বি এছ চি নাৰ্ছিং প্রতিষ্ঠান স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে নাৰ্ছিং ক্ষেত্ৰত সম্প্ৰতি বিশেষ পাঠ্যক্ৰমৰ সূচনা হৈছে। অসম চৰকাৰেও এই অনুসৰি তেনে পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ পদক্ষেপ লৈছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰীমহন্তই কয় যে জাপানকে ধৰি বিশ্বৰ কেইবাখনো দেশে অসমৰ পৰা নাৰ্ছ বিচাৰি যোগাযোগ কৰিছে। বিদেশত অসমৰ নাৰ্ছে সেৱা আগবঢ়াব পৰাকৈ নাৰ্ছিং পাঠ্যক্ৰমত বিদেশী ভাষা শিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে ২০১৮ চনত অসম চৰকাৰ আৰু টাটা ন্যাসৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তি অনুসৰি গঠন হোৱা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে নিৰ্মাণ কৰা কৰ্কট চিকিৎসালয়সমূহত সংলগ্ন এইখন প্রথম নাৰ্ছিং কলেজ। কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনৰ ৯খন কৰ্কট ৰোগৰ চিকিৎসালয়ে সম্প্ৰতি ৰাজ্যত স্বাস্থ্য সেৱা আগবঢ়াই থকাৰ সমান্তৰালভাৱে ৮খনৰ নিৰ্মাণকাৰ্য অব্যাহত আছে। মন্ত্ৰীগৰাকীয়ে আজি মহাবিদ্যালয়খন মুকলি উপলক্ষে ইয়াৰ অধ্যাপক-অধ্যাপিকা আৰু অন্য সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত দিয়া ভাষণত অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙে কয় যে ভাৰতত পৰৱৰ্ত্তী ১০টা বছৰত কমেও ২ কোটি নাৰ্ছৰ প্ৰয়োজন হ’ব। অসমে এই চাহিদা পূৰণৰ অংশীদাৰ হ’ব বিচাৰিছে বুলিও শ্রীসিঙে উল্লেখ কৰে। উল্লেখযোগ্য যে আজি মুকলি কৰা এই শিক্ষা প্ৰতিষ্ঠানত ৩০খন আসন আছে আৰু ইয়াৰ নামভৰ্তি সম্পূৰ্ণ হৈছে।
Site Admin | October 21, 2024 7:30 PM | barpeta bsc nursing college