ডাউনলোড
মোবাইল এপ

android apple
signal

November 2, 2024 12:14 PM | Barja pahar

printer

আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আজি বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ আজি আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আৰম্ভ হব। ২২ নবেম্বৰত এই অনুশীলনৰ সামৰণি পৰিব। যোৱা বছৰ মেঘালয়ৰ উমৰৈত এই অনুশীলনৰ পূৰ্বৰ সংস্কৰণ অনুষ্ঠিত হৈছিল। এয়া ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিনীৰ মাজত চলিত বৰ্ষৰ দ্বিতীয় অনুশীলন হব। ছেপ্তেম্বৰত ৰাজস্থানত যুদ্ধ অভ্যাস ২০২৪ নামৰ যুদ্ধ অনুশীলন আয়োজন কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কৈছে যে, যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰা দুয়োখন দেশৰ দলত ৪৫ জনকৈ জোৱান থাকিব। ভাৰতীয় সৈন্যৰ দলটোৰ বিশেষ বাহিনীৰ গোটে প্রতিনিধিত্ব কৰাৰ বিপৰীতে আমেৰিকাৰ সৈন্য দলটোৰ নেতৃত্ব দিব আমেৰিকাৰ গ্ৰীণ বেৰেটেছ বাহিনীয়ে। ভাৰত আৰু আমেৰিকাৰ মাজত সামৰিক সহযোগিতা বৃদ্ধি কৰাই বজ্ৰপ্ৰহাৰ অনুশীলনৰ মূল লক্ষ্য। এই অনুশীলনে মৰুভূমি আৰু অৰ্ধ মৰুভূমি বাতাবৰণত সৈন্য সঞ্চালনৰ ক্ষেত্ৰত উভয় দেশৰ সামৰ্থ বৃদ্ধি কৰিব। এই অনুশীলনত উচ্চ মানৰ শাৰীৰিক সুস্থতা, যুটীয়া পৰিকল্পনা আৰু যুটীয়া সামৰিক কৌশলত ওপৰত গুৰুত্ব আৰোপ কৰা হব।

অধিক পঢ়ক

সকলো চাওক