ডাউনলোড
মোবাইল এপ

android apple
signal

May 21, 2024 11:44 AM | banking profit

printer

দেশৰ বেংকিং খণ্ডৰ লাভ প্ৰথমবাৰৰ বাবে তিনি লাখ কোটি টকা অতিক্রম

প্ৰথমবাৰৰ বাবে দেশৰ বেংকিং খণ্ডৰ লাভে তিনি লাখ কোটি টকা অতিক্রম কৰিছে। শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰী আৰু বে-চৰকাৰী বেংকসমূহৰ সামগ্রিক লাভ ৩ দশমিক এক লাখ কোটি টকা হৈছে। দেশৰ চৰকাৰী ১২টা বেংকে ২০১৮ বিত্তীয় বৰ্ষত ৮৫ হাজাৰ ৩৯০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল যদিও ২০২৩-২৪ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ এক দশমিক ৪ লাখ কোটি টকা লাভ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী বেংকসমূহৰ এই লাভৰ পৰিমাণ পূৰ্বৰ তুলনাত ৩৪ শতাংশ বেছি। আনহাতে এই সময়ছোৱাত বে-চৰকাৰী ২৬টা বেংকে পূৰ্বৰ তুলনাত ৪২ শতাংশ, অর্থাৎ প্রায় এক দশমিক ৭ লাখ কোটি টকা লাভ অৰ্জন কৰিছে৷ তথ্য অনুসৰি বিগত তিনি বছৰত চৰকাৰী বেংকসমূহৰ মুঠ লাভ চাৰিগুণৰো বেছি হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বেংকৰ এই উত্তৰণত আদৰণি জনাই কৈছে যে, বিগত ১০ বছৰত বেংকিং খণ্ডত হোৱা অভূতপূৰ্ব পৰিৱৰ্তনৰ ফলতে এই সাফল্য লাভ কৰিব পৰা হৈছে। বেংকসমূহৰ সামগ্রিক পৰিৱেশ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া দৰিদ্ৰ লোক, কৃষক আৰু সৰু সৰু ব্যৱসায়ীয়ে ঋণ পোৱাৰ বাট সুচল হৈ উঠিছে বুলিও শ্রী মোদীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক