উচ্চতৰ মাধ্যমিকত ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সৰ্বমুঠ ৪০ হাজাৰ ৭৩৫ গৰাকী ছাত্ৰী, ৭ হাজাৰ ৯৩৮ জন ছাত্ৰক এই স্কুটি প্ৰদান কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। এই স্কুটিসমূহ প্ৰদানত ৰাজ্য চৰকাৰৰ ৩৪৫ কোটি ৭৫ লাখৰো অধিক ধন ব্যয় হ’ব। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত কালি এই বিষয়ে প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ১৪ বৰ্ষৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন পৰৱৰ্তী অসম বিধানসভাৰ অধিবেশনত দাখিল কৰাৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনাইছে। তদুপৰি জাগীৰোডৰ ছেমি কনডাক্টৰ প্ৰকল্পত পানী যোগানৰ বাবে আঁচনিত অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে ১২১ কোটি ৩৬ লাখ টকা ব্যয় কৰা হ’ব। অহা ৪ আৰু ৫ অক্টোবৰত ৰাজ্যৰ ৩৯ টা স্থানত সমজিলা কাৰ্যালয়সমূহ কেইবাগৰাকী মন্ত্ৰীয়ে শুভাৰম্ভ কৰাৰ বিষয়েও কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক