চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ অশান্ত পৰিস্থিতি আৰু ভাৰতৰ সীমা সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভাৰত-বাংলাদেশ সীমান্ত সম্প্ৰতি বন্ধ কৰি ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে অৱগত কৰি কয় যে, কেৱল পাছপ’ৰ্ট থকা শিক্ষার্থীয়েহে বাংলাদেশৰ পৰা ভাৰতলৈ আহিব পাৰিব। পাছপ’র্ট অবিহনে কোনো লোককে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
ইপিনে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে অসম আৰক্ষীয়ে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰি আছে। ইয়াৰ অংশ হিচাপে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীও সক্ৰিয় হৈ থকা বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বাংলাদেশৰ পৰা যাতে কোনো লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ধুবুৰী, কাছাৰ, দক্ষিণ শালমাৰা মানকাচৰ আদি সীমান্তৱৰ্ত্তী জিলাৰ আৰক্ষী অধীক্ষকসকলক অধিক সক্রিয় হ’বলৈ নিৰ্দেশ দিয়া হৈছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ লগতে যিকোনো ধৰণৰ সম্ভাব্য কূটাঘাত ৰোধ কৰিবলৈ নিৰাপত্তাৰক্ষীসকলক সাজু হৈ থাকিবলৈ আহ্বান জনায় ৷