বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা অসহযোগ আন্দোলন

বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলন ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ জৰিয়তে কালি কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে। সমন্বয়ক দুগৰাকীয়ে দেশৰ জনসাধাৰণক এই অসহযোগ আন্দোলন সফল কৰি তোলাৰ বাবে আহ্বান জনাইছে। প্রায় দুসপ্তাহৰ পাছত কালি দেশখনৰ বিভিন্ন অঞ্চলত পুনৰ হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় আৰু দুজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ভালেমান লোক আঘাতপ্রাপ্ত হয়। ঢাকা, চিলেট, খুলনা, নোৱাখালি আৰু চিতাগঙত কালি শাসনাধিষ্ঠিত আৱামি লীগৰ দলীয় কর্মকর্তা, সুৰক্ষা সংস্থাৰ জোৱান আৰু আন্দোলনকাৰীসকলৰ মাজত সংঘৰ্ষৰ সূত্রপাত হয়। ইপিনে যোৱা মাহত সংৰক্ষণ আন্দোলনৰ বাতৰি সংগ্ৰহৰ সময়ত দুগৰাকী সাংবাদিকৰ হত্যাৰ ঘটনাৰ ন্যায় দাবী কৰি সাংবাদিকসকলে ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছে। আৱামী লীগৰ পথ পৰিবহণ মন্ত্ৰী তথা সাধাৰণ সম্পাদক অ’বেইদুল কাদিৰে কালি সন্ধিয়া ঢাকাত এখন সংবাদমেলত সুৰক্ষা সংস্থাসমূহক ছাত্ৰসকলক নির্যাতন আৰু আটক নকৰিবলৈ নিৰ্দেশ দিয়া বুলি জনায়।