দিল্লী অভিমুখে ৰাওনা বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। তেওঁ তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব ল’বলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। শ্রীমতী হাছিনাই কাইলৈ সন্ধিয়া ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আয়োজন কৰা ভোজমেলতো অংশগ্ৰহণ কৰিব। শ্ৰী মোদীয়ে তেওঁৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ বাংলাদেশৰ প্রধানমন্ত্ৰীগৰাকীক টেলিফোন যোগে আমন্ত্রণ জনাইছিল। শ্বেইখ হাছিনাই প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছতে শ্রী মোদীক অভিনন্দন জনাইছিল।

অধিক পঢ়ক

সকলো চাওক