বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে তেওঁলোকৰ চৰকাৰখনে প্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাচিনাৰ প্ৰত্যাৱৰ্তন কামনা কৰিছে। যোৱা আগষ্ট মাহত হাচিনাৰ চৰকাৰ ভংগ হোৱাৰ পাছত তেওঁ বৰ্তমান ভাৰতত আছে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মহম্মদ ইউনুছে কয় যে তেওঁৰ চৰকাৰে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰপূৰ্বে তেওঁ বাংলাদেশে শ্বেইখ হাচিনাই ভাৰতৰ পৰা তাৎক্ষণিকভাৱে প্ৰত্যাৱৰ্তন কৰাটো বিচৰা নাই বুলি বাৰে বাৰে উল্লেখ কৰিছে। যোৱা ৮ আগষ্টত দেশখনৰ মুখ্য উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰা ইউনুছে শ্বেইখ হাচিনাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ছাত্র আৰু কাৰ্যকৰ্তাকে ধৰি প্ৰায় এহেজাৰ ৫০০ লোকে প্ৰাণ হেৰুৱাৰ লগতে ১৯ হাজাৰ ৯৩১গৰাকী লোক আহত হোৱা বুলি অভিযোগ তোলে। বিতর্কিত চাকৰিৰ কেলেংকাৰীৰ সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে দেশজুৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে ৭৭ বছৰীয়া শ্বেইখ হাচিনাই প্রধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰি ভাৰতলৈ পলাই আহে ।
Site Admin | November 18, 2024 12:08 PM | Bangladesh | saikh hasina