September 12, 2024 6:17 PM | Bangladesh

printer

বাংলাদেশত সংবিধানকে ধৰি ছটা গুৰুত্বপূৰ্ণ খণ্ডত সংস্কাৰ সাধনৰ উদ্দেশ্যে ষষ্ঠ আয়োগ গঠনৰ ঘোষণা

বাংলাদেশত অন্তৱৰ্তী চৰকাৰে সংবিধানকে ধৰি ছটা গুৰুত্বপূৰ্ণ খণ্ডত সংস্কাৰ সাধনৰ উদ্দেশ্যে ষষ্ঠ আয়োগ গঠনৰ কথা ঘোষণা কৰিছে। মুখ্য উপদেষ্টা প্ৰফেচৰ মহম্মদ ইউনুছে কালি সন্ধিয়া টেলিভিচনৰ জৰিয়তে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। এই খণ্ডসমূহ হৈছে – সংবিধান, নির্বাচনী প্ৰক্ৰিয়া, আইন ব্যৱস্থা, আৰক্ষী, দুৰ্নীতি বিৰোধী আইন আৰু ৰাজহুৱা প্ৰশাসন ব্যৱস্থা মহম্মদ ইউনুছে কৈছে যে এই আয়োগৰ মুৰববী হিচাপে ছগৰাকী বিশিষ্ট ব্যক্তিক নিয়োগ কৰা হৈছে। এই ছগৰাকী ব্যক্তিৰ সৈতে হোৱা আলোচনাৰ পাছত আয়োগৰ অন্যান্য সদস্যসকলৰ নাম চূড়ান্ত কৰা হব। তেওঁ কয় যে অহা পহিলা অক্টোবৰৰ পৰা আয়োগৰ কাম-কাজসমূহ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু পৰৱৰ্তী তিনিমাহৰ ভিতৰত আয়োগে তেওঁলোকৰ কাম-কাজসমূহ সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে। আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত চৰকাৰে দেশখনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। প্ৰফেছৰ ইউনুছে কৈছে যে এই সংস্কাৰ কাৰ্যসূচীৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে – দেশখনত এটা সম্পূর্ণ নিকা নির্বাচনী ব্যৱস্থা আৰু সু-প্ৰশাসনৰ গঢ় দিয়া। তেওঁ কয় যে মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে আৰক্ষী আৰু ৰাজহুৱা প্ৰশাসন ব্যৱস্থাৰ লগতে আইন আৰু দুৰ্নীতি বিৰোধী আয়োগ অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ স্বাৰ্থ তথা প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ উদ্দেশ্যে সাংবিধানিক সংস্কাৰ সাধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক