ডাউনলোড
মোবাইল এপ

android apple
signal

August 17, 2024 6:06 PM | Bangaladesh

printer

বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু চাৰিজন উপদেষ্টাৰ শপতগ্ৰহণ

বাংলাদেশত কালি অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু চাৰিজন উপদেষ্টাই শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ঢাকাৰ বংগ ভৱনৰ দৰবাৰ হলত তেওঁলোকক শপতবাক্য পাঠ কৰোৱায়। অন্তৱৰ্তীকালীন চৰকাৰী মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনিছৰ লগতে অন্যান্য উপদেষ্টাৰ উপস্থিতিত নতুন উপদেষ্টাসকলে শপতগ্রহণ কৰে ৷ এই উপলক্ষে তিনিওখন সেৱাৰ মুৰববী সকলো উপস্থিত থাকে। বাংলাদেশ সংবাদ সংস্থাৰ মতে শপতগ্ৰহণ কৰা উপদেষ্টাসকল হ’ল অর্থনীতিবিদ ৱাহিদুদ্দিন মাহমুদ, প্রাক্তন সম্পাদক মহম্মদ ফাউজুল কবিৰ খান, প্রাক্তন কেবিনেট সম্পাদক আলী ইমান মজুমদাৰ আৰু নিষ্ক্রিয় বাংলাদেশ ৰাইফলছৰ প্ৰাক্তন সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল জাংহাগীৰ আলম চৌধুৰী। চাৰিওজন উপদেষ্টাৰ শপতগ্ৰহণৰ লগে লগে ইউনিছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা পৰিষদৰ সদস্যৰ সংখ্যা ২১ লৈ বৃদ্ধি হৈছে। ছাত্ৰ সংগ্ৰামৰ ফলস্বৰূপে প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই পদত্যাগ কৰি ৫ আগষ্টত দেশ এৰি নতুন দিল্লীত উপস্থিত হৈছে। ইয়াৰ পাছতে সংসদ ভংগ কৰি অধ্যাপক ইউনিছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক