ডাউনলোড
মোবাইল এপ

android apple
signal

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানৰ বৈঠক

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে উদ্বিগ্নতা প্রকাশ কৰিছে। দেশখনৰ প্ৰধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰি শ্বেইখ হাছিনা ভাৰতলৈ অহাৰ পাছতেই কালি বাংলাদেশৰ সৈতে সংলগ্ন হৈ থকা অসমৰ জিলাকেইখনৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধান গৰাকী বৈঠকত মিলিত হয়। ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এই বৈঠকত কাছাৰ, কৰিমগঞ্জ, গোৱালপাৰা মানকাচৰ আৰু ধুবুৰী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক সীমান্তত যাতে কোনো ধবণব অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে। আনহাতে, মুখ্য সচিব ৰবি কোটাৰ লগতে আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে সীমান্তৰ পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিবলৈ কোৱাৰ লগতে ২৪ ঘণ্টাই সতৰ্ক হৈ থাকিবলৈও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে। ইফালে, অসম চৰকাৰৰ লগতে কেন্দ্রীয় চৰকাৰেও বাংলাদেশ সীমান্তত সতর্কতা জাৰি কৰিছে। সেই অনুসৰি বাংলাদেশ সীমান্তত অধিক বি-এছ-এফ জোৱান নিয়োজিত কৰা হৈছে। বিশেষকৈ নদী এলেকাৰ লগতে পাহাৰীয়া সীমান্ত অঞ্চলেৰে যাতে অনুপ্রবেশ হ’ব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি উক্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা হৈছে।

অধিক পঢ়ক

সকলো চাওক