August 7, 2024 12:43 PM | Bangladesh News

printer

মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিয়োগ

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে নবেল বঁটা প্ৰাপক মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিয়োগ কৰিছে। ঢাকাৰ ৰাষ্ট্ৰপতি ভৱনত কালি সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰব্বী আৰু বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ ১৩জনীয়া প্ৰতিনিধিবর্গৰ সৈতে হোৱা ৰাষ্ট্ৰপতি চাহাবুদ্দিনৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব মহম্মদ জয়নাল আবেদিনে যোৱা নিশা সংবাদ মাধ্যমৰ আগত কয় যে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলাপ-আলোচনাৰ পাছত অন্তৱৰ্ত্তীকালীন চৰকাৰৰ আন সদস্যসকলৰ নাম চূড়ান্ত কৰা হ’ব। ৰাষ্ট্ৰপতিয়ে সংসদো ভংগ কৰি দিছে। প্ৰতিবাদৰ গুৰি ধৰা বৈষম্যবিৰোধী ছাত্র আন্দোলনে পূৰ্বতে ৮৪ বছৰীয়া ইউনুছে অন্তৱৰ্ত্তী চৰকাৰৰ মুৰববীৰ দায়িত্ব গ্রহণ কৰিবলৈ সন্মত হোৱা বুলি প্ৰকাশ কৰিছে। ইউনুছে গ্রামীণ বেংকৰ জৰিয়তে দৰিদ্ৰতাৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে ২০০৬ চনত শান্তিৰ নবেল বঁটা লাভ কৰিছিল। বাংলাদেশত সোমবাৰে সেনাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ভালেমান অংশত হিংসাত্মনক ঘটনা সংঘটিত হয়। দেশখনত জুলাইৰ মাজভাগৰ পৰা অব্যাহত থকা অশান্ত পৰিস্থিতিৰ বাবে নিহত লোকৰ সংখ্যা ৪৪০লৈ বৃদ্ধি পাইছে। ইপিনে, বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ মুৰববী তথা প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াক গৃহবন্দিত্বৰ পৰা মুকলি কৰি দিয়া হৈছে। ৭৯ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি বৃক্ক, যকৃত আৰু হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছে।

অধিক পঢ়ক

সকলো চাওক