August 6, 2024 12:53 PM | Bangladesh

printer

বাংলাদেশত তৎকালীনভাৱে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব বুলি ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ ঘোষণা

মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে বিশেষ সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশত উদ্ভৱ হোৱা হিংসাত্মক বিক্ষোভৰ পাছত সংসদ ভংগ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত তৎকালীনভাৱে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হব। দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কালি সেনা বাহিনীৰ তিনিওটা শাখাৰ মুৰববীসকলৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতে ঢাকাৰ বংগ ভৱনত হোৱা বৈঠকৰ পাছত এই ঘোষণা কৰে। সেনা বাহিনীয়ে বাংলাদেশৰ সাম্প্ৰতিক অৰাজক পৰিস্থিতি স্বাভাৱিক কৰাৰ ব্যৱস্থা কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। এই বৈঠকতে বিভিন্ন গোচৰত দোষী সাব্যস্ত হৈ গৃহবন্দী হৈ থকা বি এন বিৰ অধ্যক্ষ তথা প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি সাম্প্ৰতিক বিক্ষোভত গ্ৰেপ্তাৰ হোৱা সকলো ছাত্র-ছাত্রীকে মুকলি কৰি দিয়াৰ বাবেও ৰাষ্ট্ৰপতি ছাহাবুদ্দিনে নির্দেশ দিয়ে। প্রধানমন্ত্রী শ্বেইখ হাছিনাই কালি পদত্যাগ কৰি বিশেষ বিমানেৰে ঢাকাৰ পৰা দিল্লীত উপস্থিত হয়। ইয়াৰ পাছতে সেনাবাহিনীয়ে তাৎক্ষণিকভাৱে ক্ষমতা নিজৰ হাতলৈ নিয়ে। হাছিনাৰ দেশ ত্যাগৰ পাছতে সেনা প্রধান ৱাকাৰ উজ জামানে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে আৰু এই ভাষণত এখন তদর্থ চৰকাৰ গঠনৰ ঘোষণা কৰে। তেওঁ লগতে আন্দোলনৰত ছাত্ৰ-ছাত্ৰীসকলক শান্ত হবলৈ আহ্বান জনায়। ইপিনে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰে সংলগ্ন সীমান্ত অঞ্চলত ভাৰত চৰকাৰে নিৰাপত্তা বৃদ্ধি কৰিছে। ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। অসমকে ধৰি বাংলাদেশৰ সৈতে সীমা সংলগ্ন থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সীমান্ত অঞ্চলত বি এছ এফে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। সাম্প্ৰতিক পৰিস্থিতিত প্রতিবেশী দেশখন ভ্রমণ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নাগৰিকসকলক আহ্বান জনাইছে। আনহাতে বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলক ঘৰতে থাকিবলৈ পৰামৰ্শ দি ঢাকাত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে সাময়িকভাৱে বিমান, ৰেল আৰু বাছ সেৱা বাতিল কৰিছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে দেশখনৰ সৈতে কোনো ধৰণৰ যাতায়াত সম্ভৱ নহয় বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। একেদৰে নদী সীমান্তৰ সুৰক্ষা ব্যৱস্থাতো গুৰুত্ব দি ফেৰী আৰু নাৱৰ চলাচল বন্ধ কৰি দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক