বাংলাদেশত চলি থকা সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ আৰু হিন্দু ধৰ্মগুৰুৰ নিৰ্যাতনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশত উদ্বেগৰ সৃষ্টি হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইতিমধ্যে বাংলাদেশক সকলো শ্ৰেণীৰ জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সকীয়নি দিয়াৰ লগতে বৰ্তমানৰ ৰাষ্ট্ৰপতি জ‘ বাইডেনেও বাংলাদেশৰ তত্বাৱধায়ক চৰকাৰৰ মুৰববী মহম্মদ ইউনুছক দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে ইতিমধ্যে বাংলাদেশত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সেই দেশৰ চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছে।
বিভিন্ন দেশে তেওঁলোকৰ নাগৰিকসকলক বাংলাদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। ইংলেণ্ড চৰকাৰে কালি জাৰি কৰা এটা নিৰ্দেশত সেই দেশৰ নাগৰিকসকলক বাংলাদেশৰ বৰ্তমান পৰিস্থিতিত দেশখন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে। দেশখনৰ বৈদেশিক আৰু কমনৱেলথ পৰিক্ৰমা বিভাগে বাংলাদেশত সন্ত্রাসবাদী শক্তিসমূহে বিশেষকৈ বিদেশী নাগৰিকৰ সমাৱেশ হোৱা ঠাইসমূহত যধে-মধে আক্রমণ চলোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে আৰু ইংলেণ্ডৰ পৰ্যটকসকলক বাংলাদেশ ভ্রমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে।