পৃথিৱীখনক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ মানসেৰে আজিৰে পৰা দেশজুৰি বন মহোৎসৱ সপ্তাহ অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় বন নীতি, ১৯৮৮ত উল্লেখ কৰা মতে কোনো এটা ভৌগোলিক অঞ্চলৰ মুঠ মাটিকালিৰ ৩৩ শতাংশ বনাঞ্চল থকাটো অতি জৰুৰী। কিন্তু ইণ্ডিয়া ষ্টেট অব্ ফৰেষ্ট ৰিপ’ৰ্টে প্ৰকাশ কৰা তথ্য মতে অৰণ্যাঞ্চলৰ ক্ষেত্ৰত আমাৰ দেশ বিশ্বৰ ভিতৰত দশম স্থানত আছে যদিও ইয়াৰ বনাঞ্চলৰ পৰিমাণ শতকৰা মাত্র ২৪ দশমিক ৪ শতাংশহে। সেয়েহে এই দিৱসৰ তাৎপৰ্য অতি মহত্ত্বপূৰ্ণ। দেশৰ সেউজ আৱৰণ সঠিক মাত্ৰাত ৰখাৰ উদ্দেশ্যে প্ৰতিবছৰে চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ উদ্যোগত বন সপ্তাহৰ আয়োজন কৰি অহা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি অগ্ৰণী পৰিৱেশ সংৰক্ষণ সংস্থা প্রকৃতিপ্রেমী মঞ্চ অসমেও আজিৰেপৰা সাদিনীয়াকৈ বন মহোৎসৱ সপ্তাহ অনুষ্ঠিত কৰিছে। এই দিৱসৰ আজি প্ৰথমটো দিনত কলং নৈৰ খহনীয়া ৰোধৰ বাবে নৈৰ পাৰত গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয়। মঞ্চই মঙলবাৰৰ পৰা মৰিগাঁও জিলাৰ বিভিন্ন স্থানত গছপুলি ৰোপণৰ লগতে এলানি সজাগতা সভাও অনুষ্ঠিত কৰিব।
Site Admin | July 1, 2024 8:52 PM | ban mahotsav 2024