বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলত এটা হাতীৰ জাকৰ দলপতি মখনাৰ গাত বাক্সাৰ বন সংমণ্ডল বিষয়াই ৰেডিঅ’ কলাৰ স্থাপন কৰে। ইয়াৰ ফলত জিলা প্ৰশাসন আৰু বন বিভাগে হাতীৰ জাকটোৰ গতি-বিধি উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰিব পাৰিব। এতিয়াৰেপৰা জনাঞ্চলত হাতীৰ উপস্থিতিৰ বিষয়েও আগতীয়াকৈ জানিব পৰা হ’ব। উল্লেখযোগ্য যে ৰেডিঅ’ কলাৰিং হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্প। এই প্ৰকল্পৰ সৈতে হাতীৰ গতি-বিধি নিৰীক্ষণ কৰাৰ বাবে বাক্সা জিলাৰ বন বিষয়া আৰু মানস ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ বন পশু চিকিৎসা বিষয়া জড়িত হৈ আছে। বাক্সা, তামুলপুৰ আৰু নলবাৰী জিলা প্রশাসনে বন বিভাগক ৰেডিঅ’ কলাৰিং প্রকল্প অভিযান সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। এই প্ৰকল্পৰ বাবে সামগ্ৰিকভাৱে কেইবালাখ টকাৰ প্ৰয়োজন হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা ১৪ নৱেম্বৰত তামুলপুৰৰ জিলা আয়ুক্তৰ সৈতে হোৱা এখন বৈঠকত জিলা প্রশাসনে আই আই টি, গুৱাহাটীৰ সৈতে বনৰীয়া হাতী বা আন বন্যপ্ৰাণীৰ সন্ধানৰ বাবে কম খৰচী থলুৱা ৰেডিঅ’কলাৰ নিৰ্মাণৰ বাবে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত হাতী- মানুহৰ সংঘাত হ্ৰাস পাব বুলি আশা কৰা হৈছে। চলিত বৰ্ষত জিলাখনৰ কুমাৰীকাটা বনাঞ্চলত ৪ গৰাকী লোকৰ হাতীৰ আক্ৰমণত প্ৰাণহানি হৈছিল।
Site Admin | November 19, 2024 6:39 PM | Baksa