August 30, 2024 8:37 PM | Bajali

printer

বজালী জিলা যুৱ-সাংবাদিক সন্থাৰ উদ্যোগত ‘সংবাদ সান্নিধ্য’ শীর্ষক সাংবাদিকতা কর্মশালা

বজালী জিলা যুৱ-সাংবাদিক সন্থাৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত বিশ্ববিদ্যালয়খনৰ সভাগৃহত তিনিদিনীয়াকৈ ‘সংবাদ সান্নিধ্য’ শীর্ষক সাংবাদিকতা কর্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাৰ সামৰণিৰ দিনটোত আজি বিশ্ববিদ্যালয়খনৰ অতিথি অধ্যাপক ডº জয়জিৎ ডেকাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগৰ বাৰ্তা সম্পাদক শান্তনু ৰৌমূৰীয়াই প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে। ২৮ তাৰিখে আৰম্ভ হোৱা কৰ্মশালাখনত সাংবাদিক পৰাগ দাসৰ স্মৃতিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ লগতে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক যতীন চৌধুৰী আৰু অতনু ভট্টাচার্যই কৰ্মশালাত অংশগ্ৰহণ কৰা যুৱ সাংবাদিকসকলক সংবাদ জগতত পেছাদাৰীভাৱে আগবাঢ়োতে সন্মুখীন হ’ব পৰা বিভিন্ন সমস্যা আৰু সম্ভাৱনাসমূহৰ বিষয়ে অৱগত কৰে। কাইলৈ কর্মশালাখনৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ধনপতি ডেকা উপস্থিত থকাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। সভাত সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা তিনিগৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক