ডাউনলোড
মোবাইল এপ

android apple
signal

বাগৰুম্বা নৃত্যৰ অভিলেখ গঢ়াৰ বাবে চৰকাৰে চলিত বছৰতে পদক্ষেপ গ্ৰহণ কৰিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিহু আৰু ঝুমুৰৰ পাছতে বাগৰুম্বা নৃত্যৰ অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে চলিত বছৰতে পদক্ষেপ গ্ৰহণ কৰিব। খানাপাৰা এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। অসমৰ নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ এই পৰিকল্পনা ব্যক্তি কৰি তেওঁ কয়, যে অহা অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত এই কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। ইয়াৰ পিছৰ পৰ্যায়ত ৰাজ্যৰ ১ কোটি লোকক লৈ একেলগে জাতীয় সংগীত পৰিৱেশনৰো পৰিকল্পনা কৰিছে বুলি তেওঁ ব্যক্ত কৰে। উল্লেখযোগ্য যে, অসমৰ চাহৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ বাবে সৰুসজাইত আজিৰে পৰা কেন্দ্ৰীয়ভাৱে আখৰা অনুষ্ঠিত হ’ব। ইতিমধ্যে এই অনুষ্ঠানত অংশলোৱাৰ উদ্দেশ্যে চৰাইদেউ, লখিমপুৰ, ডিব্ৰুগড় আদিকে ধৰি বিভিন্ন জিলাৰ পৰা ঝুমুৰ নৃত্যৰ শিল্পীসকল আহি গুৱাহাটীত বাহৰ পাতিছে।

অধিক পঢ়ক

সকলো চাওক