বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপজা দিনটো আজি ৰাজ্যজুৰি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা প্ৰথম বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে শান্তিৰ আৰ্হিস্বৰূপ, বড়োলেণ্ডৰ ৰূপান্তৰ আৰু ভৱিষ্যতৰ লক্ষ্য শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়ায়।
উপেন্দ্ৰনাথ ব্ৰহ্ম বড়োসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কয়, যে বিটিআৰৰ অন্যান্য ক্ষুদ্র জাতি, জনগোষ্ঠীয়ে যাতে বৈষম্যৰ বলি হোৱা বুলি নাভাবে তাৰ বাবে বিটিআৰ প্ৰশাসনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত উল্লেখনীয়ভাৱে অঞ্চলটোৰ প্ৰত্যেকটো জনগোষ্ঠীৰ বাবে ভাষা-সংস্কৃতি সংগ্ৰহালয় গঢ়ি তুলিব বিচৰা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ বাবে প্ৰতিটো জাতি, জনগোষ্ঠীৰ বাবে ২০ লাখকৈ টকা প্ৰদান কৰা হ’ব। ছাত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি তেওঁ লগতে কটন বিশ্ববিদ্যালয়ত এটা ভাষা গৱেষণাগাৰো মুকলি কৰে। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা আৰু নাগালেণ্ড বিশ্ববিদ্যালয় উপাচার্য সমুদ্রগুপ্ত কাশ্যপ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।
ডিব্ৰুগড় জিলাৰ কানৈ বাণিজ্য মহাবিদ্যালয়তো গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ মাজেৰে ছাত্ৰ দিৱস পালন কৰা হয়। ছাত্ৰনেতাগৰাকীৰ সোঁৱৰণত আয়োজিত ছাত্ৰ দিৱসৰ মুকলি সভাত ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে প্ৰয়াত ব্ৰহ্মৰ আদৰ্শৰাজী উল্লেখ কৰাৰ লগতে সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত এগৰাকী সফল ছাত্রনেতা হিচাপে নিজৰ দক্ষতা আৰু প্ৰতিভাৰ প্ৰমাণ কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰে। অধ্যক্ষগৰাকীয়ে ব্ৰহ্মৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী তথা শিক্ষক আৰু কৰ্মচাৰীকসকলক সামূহিক উন্নয়নৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়।
ইপিনে নিখিল বড়ো ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলাৰ দোতমাস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলীৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তামুলপুৰ জিলাৰ গোৰেশ্বৰতো আজি ছাত্ৰ দিৱস পালন কৰা হয়। নিখিল বড়ো ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতি আৰু শুক্লাই ছেৰফাং আঞ্চলিক সমিতিৰ উদ্যোগত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজিত কাৰ্যসূচীত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, গায়িকা সুলেখা বসুমতাৰী, অভিনেতা ফৈলাজে বৰ্গয়াৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে দূৰদৰ্শী আৰু প্ৰতিভাসম্পন্ন উপেন্দ্ৰনাথ ব্ৰহ্মই পদার্থ বিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত কৰ পৰিদৰ্শকৰ চাকৰি ত্যাগ কৰি বড়ো জনগোষ্ঠীয় আন্দোলনক নেতৃত্ব দিছিল। জনগোষ্ঠীটোৰ আশা-আকাংক্ষা আৰু সমস্যাসমূহ দূৰ কৰাৰ বাবে তেওঁ গণতান্ত্রিক পন্থাৰে প্ৰয়াস চলাইছিল।