ডাউনলোড
মোবাইল এপ

android apple
signal

বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ ফুটবলত ল’ৰাৰ শাখাত কাৰ্বি আংলং, ছোৱালীৰ শাখাত কোকৰাঝাৰ জিলা বিজয়ী

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ শীৰ্ষক ১৩ বছৰ অনূৰ্ধ্বৰ ল’ৰা আৰু ছোৱালী ফুটবল প্রতিযোগিতাৰ কেন্দ্ৰীয় পৰ্যায়ৰ খেলসমূহ আজি অনুষ্ঠিত হয়। বাক্সা জিলাৰ সদৰত থকা মুছলপুৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত পৰ্যায়ৰ খেলত ল’ৰাৰ শাখাত কাৰ্বি আংলং জিলাৰ ফুটবল দলে কোকৰাঝাৰ ফুটবল দলক ১-০ গ’লত পৰাস্ত কৰে। ছোৱালীৰ শাখাত কোকৰাঝাৰ জিলাৰ ফুটবল দলে ওদালগুৰি জিলাৰ ফুটবল দলক টাইব্ৰেকাৰৰ জৰিয়তে ৩-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰে। বিজয়ী দলক ট্ৰফীসহ নগদ ৫০ হাজাৰ টকা আৰু বিজিত দলক ট্ৰফীসহ নগদ ৩০ হাজাৰ টকাৰ বঁটা প্ৰদান কৰা হয়। ল’ৰাৰ শাখাত কাৰ্বি আংলঙৰ নীলপল ৰামছিয়াৰীক আৰু ছোৱালীৰ শাখাত ৰশ্মী বসুমতাৰীক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত অংশগ্রহণ কৰি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে গ্ৰামাঞ্চলৰ খেলুৱৈৰ সুবিধাৰ বাবে বি টি আৰ চৰকাৰে বি টি চিৰ অন্তৰ্গত প্ৰতিটো পৰিষদীয় সমষ্টিত এখনকৈ ষ্টেডিয়ামৰ কাম হাতত লোৱা বুলি জানিবলৈ দিছে। অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক