ভাৰতৰ মালৱিকা বল’ড়, আয়ুষ ছেট্টী, সতীশ কুমাৰ কৰুণাকৰণ আৰু ৰক্ষিতাশ্ৰীয়ে জাৰ্মানীৰ ছাৰব্ৰুকেনত অনুষ্ঠিত হাইলো অপেন বেডমিণ্টন প্রতিযোগিতাৰ নিজ নিজ শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালৱিকা বন্স’ড়ে কালি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইৰিণা এমেলি এণ্ডাৰছনক ২১-১৩, ২১-১৬ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ২৩ বছৰীয়া বন্স’ড়ে কোৱাৰ্টাৰ ফাইনেলত ভিয়েটনামৰ গুয়েন থ্যু লিন্হৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইপিনে, ১৭ বছৰীয়া ৰক্ষিতাশ্ৰীয়ে কালি প্রি-কোৱাৰ্টাৰ ফাইনেলত বৃহৎ অঘটন ঘটাই কমনৱেলথ গেমছত দুবাৰকৈ পদক বিজয়ী তথা দ্বিতীয় বাছনিপ্রাপ্ত স্কটলেণ্ডৰ কিষ্টি গিল্মৰক ২১-১৪, ২১-১২ গেমত পৰাস্ত কৰে। ৰক্ষিতা কোৱাৰ্টাৰ ফাইনেলত অষ্টম বাছনিপ্রাপ্ত ডেনমার্কৰ জুলি ডাবল জেকবছেন সন্মুখীন হ’ব। একেদৰে পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত যোৱাবছৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত বঞ্জৰ পদক বিজয়ী ১৯ বছৰীয়া আয়ুষ ছেট্টীয়ে ইটালীৰ জিয়োৱানি টিটিক ২১-১৩, ২১-১৯ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আয়ুষ কোৱাৰ্টাৰ ফাইনেলত ফিনলেণ্ডৰ কেলে কোলজোনেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে সপ্তম বাছনিপ্ৰাপ্ত সতীশ কুমাৰ কৰুণাকৰণে ইংলেণ্ডৰ হেৰী হোৱাঙক ২১-১৯, ১১-২১, ২১-১১ গেমত পৰাস্ত কৰে। কৰুণাকৰণ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ ক্ৰিষ্টো পোপোভৰ সন্মুখীন হ’ব। ইপিনে, আদ্যা ৱৰিয়াথ আৰু সতীশ কুমাৰ কৰুণাকৰণৰ ভাৰতীয় যুটীটো মিক্সড ডাবলছৰ এখন খেলত ফ্ৰান্সৰ টম লালোর্ট টেস্কার্টে আৰু এচা জেকবৰ হাতত ২১-১৯, ২১-১৩ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।
Site Admin | November 1, 2024 12:35 PM | Badminton open
মালৱিকা বল’ড়, আয়ুষ ছেট্টী, সতীশ কুমাৰ কৰুণাকৰণ আৰু ৰক্ষিতাশ্ৰী হাইলো অপেন বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
