September 10, 2024 12:53 PM | Badminton

printer

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলৰ দলীয় খিতাপ দখল

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনডৰ ষ্টেডিয়ামত চলি থকা য়নেক্স-ছানৰাইছ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলে দলীয় শাখাত খিতাপ দখল কৰিছে। অৱশ্যে জুনিয়ৰ লৰাৰ দলীয় শাখাৰ ফাইনেলত অসমৰ দলটো মিজোৰামৰ বিৰুদ্ধে ২-০ গেমৰ ব্যৱধানত পৰাস্ত হয়। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ মহিলাৰ দলীয় শাখাৰ ফাইনেলত অসমে ৩-১ গেমৰ ব্যৱধানত মণিপুৰক পৰাস্ত কৰে। পুৰুষৰ একক শাখাৰ ফাইনেলত অৰুণাচল প্ৰদেশৰ দলটোৱে মিজোৰামক ৩-২ গেমত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰে। এই শাখাত অসমৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। প্রতিযোগিতাখনৰ জুনিয়ৰ ছোৱালীৰ দলীয় শাখাৰ ফাইনেলত অসমৰ দলটোৱে মিজোৰামক ২-০ গেমত পৰাজিত কৰে। এইবাৰৰ প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চল ৮খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

 

অধিক পঢ়ক

সকলো চাওক