চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ আৰম্ভ হ’ব। প্রতিযোগিতাত ভাৰতৰ হৈ এইচ এছ প্ৰণয়, কিদাম্বী শ্রীকান্ত, লক্ষ্য সেন আৰু পি ভি সিন্ধুকে ধৰি কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত এইচ এছ প্ৰণয় চীনৰ লু গুৱাজঝৌ আৰু কিদাম্বী শ্রীকান্ত ইণ্ডোনেছিয়াৰ এনথনী গিংটিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইপিনে লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত শীৰ্ষ বাছনিপ্ৰাপ্ত ছি য়ু কীৰ মুখামুখি হ’ব। ভাৰতৰ আন এগৰাকী খেলুৱৈ প্রিয়াংশু ৰাজাৱাটে মালয়েছিয়াৰ লী জিৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। আনহাতে মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ খেলত পি ভি সিন্ধু মালয়েছিয়াৰ গহ জিন ৱেইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। মূল পৰ্যায়ৰ প্ৰথম ৰাউণ্ডৰ আন এখন খেলত ভাৰত আকর্শী কাশ্যপ থাইলেণ্ডৰ বুছানান অংবামৰুংফানৰ সন্মুখীন হ’ব। অৱশ্যে ভাৰতৰ অস্মিতা চলিহা আৰু মালবিকা বানছোড়ে প্ৰতিযোগিতাৰ যোগ্যতা নির্ণয়কাৰী পৰ্যায়ৰ খেলেৰে প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিব। ইপিনে পুৰুষৰ ডাবলছত এম আৰ অৰ্জুন আৰু ধ্ৰুৱ কপিলাৰ ভাৰতীয় যুটিটো সপ্তম বাছনিপ্ৰাপ্ত চীনৰ লাউ য়ু ছেন আৰু ঔ জুৱান য়ীৰ যুটিটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্ৰতিযোগিতাত পুৰুষৰ ডাবলছত কৃষ্ণ প্রসাদ গৰগা আৰু ছাই প্রতীক কেৰ যুটিটোৱেও অংশগ্রহণ কৰিব। আনহাতে মহিলাৰ ডাবলছত তানিশা ক্ৰাষ্ট’ আৰু অশ্বিনী পোনাপ্পা ইণ্ডোনেছিয়াৰ ফেব্রিয়ানা ডিপুজি কুসুমা আৰু এমেল্লিয়া কাহায়া প্ৰতিৱীৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত লীউ ছেং ছু আৰু টান নিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই প্রতিযোগিতাত অহা জুলাইত হ’বলগীয়া পেৰিছ অলিম্পিকৰ পূৰ্বে খেলুৱৈসকলক নিজৰ ৰেংকিঙৰ পইণ্ট বৃদ্ধিৰ সুযোগ প্ৰদান কৰিব। অহা ১৪ এপ্রিলত এছিয়া চেম্পিয়নপিৰ সামৰণি পৰিব।
Site Admin | April 9, 2024 12:12 PM | Badminton | China
চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতা
