ডাউনলোড
মোবাইল এপ

android apple
signal

December 17, 2024 8:34 PM | Badminton

printer

টপচেম-এ এছ জে এ ক্ৰীড়া মহোৎসৱ বেডমিণ্টনত চেম্পিয়ন আকাশবাণী

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা টপচেম-এ এছ জে এ আন্তঃমিডিয়া ক্ৰীড়া মহোৎসৱৰ বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ দলীয় শাখাত আকাশবাণী চেম্পিয়ন হৈছে৷ মঙলবাৰে আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেলত মানস প্ৰতীম শৰ্মা আৰু মনদ্বীপ মহন্তৰ দ্বাৰা গঠিত আকাশবাণীৰ দলটোৱে ২-১ ৰ ব্যৱধানত প্ৰাগ নিউজৰ জ্ঞান ৰঞ্জন বৰা আৰু ৰনজিত ৰায় যুটিক পৰাস্ত কৰে৷

ইফালে, প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ একক শাখাত চেম্পিয়ন হয় প্ৰাগ নিউজৰ জ্ঞান ৰঞ্জন বৰা আৰু এন ই লাইভৰ ছৈয়োদা ৰেছমা হাইদৰ৷ মহিলাৰ একক শাখাৰ ফাইনেলত ৰেছমা হাইদেৰ ২১-১৫ ৰ ব্যৱধানত প্ৰাগ নিউজৰ নৱনীতা কলিতাক পৰাস্ত কৰে৷ ইয়াৰপূৰ্বে ছেমিফাইনেলত ৰেছমা হাইদৰে ২১-১০ ৰ ব্যৱধানত এন ই নিউজৰ তুস্মিতা গগৈক পৰাস্ত কৰাৰ বিপৰীতে নৱনীতাই ২১-১১ ৰ ব্যৱধানত এন ই নিউজৰ বিজয়লক্ষ্মী বসুমতাৰীক পৰাস্ত কৰে৷

আনহাতে, পুৰুষৰ একক শাখাৰ ফাইনেলত জ্ঞান ৰঞ্জনে ‘দ্য আছাম ট্ৰিবিউন’ৰ ৰিতুৰাজ বৰঠাকুৰক ২১-১০ ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ জয় কৰে৷ ইয়াৰপূৰ্বে ছেমিফাইনেলত জ্ঞান ৰঞ্জনে আকাশবাণীৰ মনদ্বীপক তথা ৰিতুৰাজে ‘দ্য আছাম ট্ৰিবিউন’ৰে  শিৱাশীষ ঠাকুৰক ২১-৯ ৰ ব্যৱধানত পৰাস্ত কৰে৷

উল্লেখ্য যে চলিত আন্তঃমিডিয়া ক্ৰীড়া মহোৎসৱৰ আয়োজনত এ এছ জে এক টপচেম চিমেণ্টৰ লগতে সহযোগিতা কৰিছে অসম চৰকাৰ, এছ বি আই, পিটা, অসম বেডমিণ্টন সন্থা, অসম ক্ৰিকেট সন্থা আদিয়ে৷

অধিক পঢ়ক

সকলো চাওক