অহা ১৮-২৪ ডিচেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হ’বলগা ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসমৰ মহিলাৰ দলটো মঙলবাৰে ৰাওনা হৈছে৷ আনহাতে, অসমৰ পুৰুষ দলটো বুধবাৰে ৰাওনা হ’ব৷ উভয় দলকে অসম বেডমিণ্টন সন্থাই বিমানযোগে প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷
অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি প্ৰতিযোগিতাত অসমৰ দহজনীয়া পৰুষ তথা এঘাৰ জনীয়া মহিলা দলে অংশ লোৱাৰ লগতে পাঁচজনীয়া প্ৰশিক্ষক, মেনেজাৰ আৰু ফিজিঅ’ৰ এটা সহায়ক দল থাকিব৷
অসমে একক, ডাবলছ, মিক্সড তথা দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব৷ আনহাতে, এই প্ৰতিযোগিতাৰ পৰাই আসন্ন উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াৰো যোগ্যতা নিৰ্ণয় হ’ব৷ উল্লেখ্য যে বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা দলে ইতিহাস গঢ়ি সোণ লাভ কৰাৰ লগতে অসমে তিনিটা পদক জয় কৰিছিল৷
প্ৰতিযোগিতাত অংশ ল’বলগা অসম দলৰ খেলুৱৈসকল হ’ল ঃ [পুৰুষ] তন্ময় বিকাশ বৰুৱা, আয়ান ৰছিদ, অৰিজিত চলিহা, হিমানিশ শেখৰ দাস, আয়াদ ৰছিদ, অনিমেশ গগৈ, নব্যৰঞ্জন দাস, নিবিৰ ৰঞ্জন চৌধুৰী, সুৰজ গোৱালা আৰু সংগ্ৰাম চুতিয়া৷
আনহাতে, মহিলা শ্বাটলাৰসকল হ’ল ঃ ঈশাৰাণী বৰুৱা, ময়ুৰী বৰ্মন, সুজেন বুঢ়াগোহাই, অভিকা বৰগোঁহাই, ঋকশিতা চলিহা, অনুশ্ৰী মহন্ত, মনালী বৰা, মনিকৰ্ণিকা গগৈ, শান্তীপ্ৰিয়া হাজৰিকা, ভাবিষ্যা চাংমাই আৰু প্ৰিঞ্চী দাস৷ দলৰ প্ৰশিক্ষক বহ্নিমান বৰা আৰু সৌৰভ দাস৷ মেনেজাৰ ইমনিয়াজুৰ ৰহমান আৰু নৱজ্যোতি বৰা৷ ফিজিঅ’ গংগোত্ৰী দত্ত৷