প্রতিবেশী ৰাষ্ট্র বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ চুবুৰীয়া ৰাষ্ট্ৰখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চল আৰু দেশৰ অভ্যন্তৰীণ কাৰ্যকলাপ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়। তেওঁ বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি নিৰীক্ষণৰ বাবে সমিতি গঠন কৰাৰ পদক্ষেপক প্রশংসনীয় বুলি উল্লেখ কৰি এই পদক্ষেপে ভাৰতীয়সকলৰ লগতে বাংলাদেশৰ সংখ্যালঘু লোকসকলক সহায় কৰিব বুলি মন্তব্য কৰে। তদুপৰি কেন্দ্ৰীয় চৰকাৰক ন‘বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ তত্বাৱধায়ক প্ৰশাসনক দেশখনৰ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ শান্তি আৰু সুৰক্ষা পুনৰুদ্ধাৰ কৰাটো নিশ্চিত কৰাৰ বাবে সন্মত কৰাবলৈ তেওঁ গৃহমন্ত্ৰীগৰাকীক আহ্বান জনায়।
Site Admin | August 12, 2024 7:33 PM | Badarudding ajmol