আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ’ব

■ আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নির্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ’ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ’ব। প্রধানমন্ত্রী নবেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি কালি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনি ৰূপায়ণৰ বাবে প্ৰাৰম্ভিকভাৱে ৩ হাজাৰ ৪৩৭ কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু পৰ্যায় ক্ৰমে এই ধনৰ আৱণ্টন বৃদ্ধি কৰা হ’ব। কেবিনেটৰ এই সিদ্ধান্তৰ ফলত দেশৰ ৬ কোটি লোক উপকৃত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ
কৰে।
কেন্দ্রীয় কেবিনেটৰ অনুমোদন অনুসৰি আৰ্থিক অৱস্থা যেনেকুৱাই নহওক লাগে, দেশৰ ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো নাগৰিকে আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰিব। কেবিনেট সিদ্ধান্ত অনুসৰি এইসকল লোকক সুকীয়াকৈ কাৰ্ড প্ৰদান কৰা হ’ব আৰু তেওঁলোকে বছৰি অতিৰিক্তভাৱে ৫ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় লাভ কৰিব। আনহাতে, কর্মচাৰী ৰাজ্যিক বীমা আঁচনি অথবা ব্যক্তিগত স্বাস্থ্য বীমা আঁচনিৰ অধীনত থকা নাগৰিকসকলেও আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব ৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তক ঐতিহাসিক আখ্যা দি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এখন কল্যাণকামী ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত আয়ুষ্মান ভাৰতৰ সাৰ্বজনীনকৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক