দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয় আৰু নাগৰিক সুস্থ হ’লেহে দেশৰ প্ৰগতি ত্বৰান্বিত হয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই দৃষ্টিভংগীৰে চৰকাৰে নাগৰিকৰ কল্যাণক অগ্ৰাধিকাৰ দি স্বাস্থ্য নীতিৰ পাঁচটা মূল স্তম্ভ প্রতিষ্ঠা কৰিছে। এই স্তম্ভকেইটা হৈছে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা, সময়মতে ৰোগ চিনাক্তকৰণ, সুলভ মূল্যৰ ঔষধ আৰু চিকিৎসা, সৰু চহৰ আৰু গাঁও অঞ্চলত উপযুক্ত স্বাস্থ্য সেৱা তথা স্বাস্থ্য সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰসাৰ বৃদ্ধি কৰা। আজি ধনন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্রীয়ে এই বিষয়ে প্রকাশ কৰে। শ্ৰীমোদীয়ে আজি এই উপলক্ষে স্বাস্থ্য সেৱা খণ্ডৰ সৈতে জড়িত ১২ হাজাৰ ৮৫০ কোটি টকাৰ একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভাৰতে স্বাস্থ্য খণ্ডত সৰ্বাত্মক ৰূপত বিবেচনা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে স্বাস্থ্য সেৱাৰ মূল পাঁচটা স্তম্ভত উল্লেখযোগ্য সংযোজন ঘটাইছে। প্রধানমন্ত্ৰীয়ে কয় যে দেশৰ দৰিদ্ৰ লোকসকলে সন্মুখীন হোৱা সমস্যাৰ ওৰ পেলাবলৈ কেন্দ্ৰীয় চৰকাৰে আয়ুষ্মান ভাৰত যোজনা প্ৰৱৰ্তন কৰি তেনে লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে ৫ লাখ টকা পৰ্যন্ত ব্যয় বহন কৰি আছে। তেওঁ আয়ুস্মান ভাৰত যোজনাৰ সম্প্ৰসাৰণক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে দেশৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে আশা কৰি থকা ধৰণেই চৰকাৰে লোৱা পদক্ষেপৰ ফলত ৭০ বছৰ উৰ্ধৰ নাগৰিকসকলে আয়ুস্থান ভায়া বন্দনা কাৰ্ডৰ জৰিয়তে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা লাভ কৰিব। দেশত চিকিৎসা ব্যয় হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশত ১৪ হাজাৰ প্ৰধানমন্ত্রী জনঔষধি কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এই কেন্দ্ৰসমূহত ৮০ শতাংশ ৰেহাই মূল্যত ঔষধ উপলব্ধ হয়। তেওঁ কয় যে সময়মতে ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাত সহায় হোৱাকৈ দেশজুৰি ২ লাখৰো অধিক আয়ুস্মান আৰোগ্য মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে আমাৰ পৰম্পৰাগত বনৌষধিসমূহক গভীৰভাৱে প্ৰভাৱান্বিত কৰিব পৰা বৈজ্ঞানিক অধ্যয়নৰ দ্বাৰা গ্ৰহণযোগ্য কৰি তোলাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। প্রধানমন্ত্ৰীয়ে স্বাস্থ্য খণ্ডৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰৰ ৰূপান্তৰ সাধন কৰা আয়ুশ্বৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে আয়ুশ্ব উৎপাদন খণ্ডই ২০১৪ চনত ৩ বিলিয়ন ডলাৰৰ পৰা ২৪ বিলিয়ন ডলাৰলৈ বিকাশ লাভ কৰিছে। দেশত সম্প্রতি ৯ শতাধিক ষ্টার্টআপ কাৰ্যক্ষম হৈ আছে বুলি উল্লেখ কৰে।
Site Admin | October 29, 2024 7:24 PM | Ayurved divas