ডাউনলোড
মোবাইল এপ

android apple
signal

February 3, 2025 12:37 PM | Asom Sahitya Sabha

printer

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ আজি চতুর্থ দিন, ২ বজাত দ্বিতীয় মুকলি সভা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি চতুর্থ দিন। আজি পুৱা চাৰে ৯ বজাত বুৰঞ্জী সন্মিলন, দিনৰ ১১.৩০ বজাত বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ। দুপৰীয়া ২ বজাত অধিৱেশনৰ দ্বিতীয় মুকলি সভা অনুষ্ঠিত হ’ব। আনহাতে বিয়লি ৪ বজাত যুৱ সংসদ, সন্ধিয়া চাৰে ৬ বজাত সাংস্কৃতিক সন্মিলন আৰু চাৰে ৭ বজাত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। কালি অধিৱেশনত প্ৰথমখন মুকলি সভাত নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে আগবঢ়োৱা অভিভাষণত সাহিত্য সভাৰ সংস্কাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মত আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ উমৈহতীয়া সামাজিক স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব নোৱাৰিলে অসম সাহিত্য সভাৰ প্ৰাসংগিকতা নাথাকিব বুলি প্ৰকাশ কৰিছে। একেদৰে অসম সাহিত্য সভাই অসমৰ নবীন-প্রবীণ সাহিত্যিকসকলক একেখন মঞ্চত বহুৱাব নোৱাৰিলে তথা সকলো জনগোষ্ঠীয় সাহিত্য সভাক আস্থাত লৈ বিদ্যায়নিত কর্মত আগবাঢ়িব নোৱাৰিলে সভা জাকৰ পিছপৰা চৰাই হৈ ৰ’ব লাগিব বুলিও তেওঁ কয়। সাহিত্য সভাক আগবঢ়াই নিবলৈ লৈ সভাপতিৰ লগতে সভাৰ মূল বিষয়ববীয়াসকলেও নিজকে সেৱক হিচাপে নিয়োগ কৰিব লাগিব সভাপতিগৰাকীয়ে ভাষণত উল্লেখ কৰে৷ সভাত বিগত সময়ত দেখা দিয়া বিষয়বাবৰ প্ৰতি আসক্তি, লবিকেন্দ্ৰিক ৰাজনীতি তথা সু-পৰিকল্পনাৰ অভাৱ আদি বিষয়ত সভাপতিগৰাকীয়ে উদ্বেগ প্রকাশ কৰে।  কালি তৃতীয় দিনাৰ কাৰ্যসূচী হিচাপে সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক ময়ূৰপংক্ষী ৰথত লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। কালিৰ কাৰ্যসূচীতে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ড° সূর্যকান্ত হাজৰিকাই নতুন সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক আদৰণি জনাই সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। অধিৱেশনৰ কালিৰ কাৰ্যসূচী ধ্রুপদী অসমীয়া ভাষা শীৰ্ষক এখন আলোচনা চক্ৰৰে আৰম্ভ হয়। পাঠশালাত হৈ থকা সাহিত্য সভাৰ অধিবেশনৰ মাজতে তৰুণ কবি লেখক অভিজিত গগৈলৈ অসম সাহিত্য সভাৰ যুৱ বঁটা ঘোষণা কৰা হৈছে। অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীলৈ সাহিত্য সভাই জীৱনজোৰা সাহিত্য সেৱা সন্মান আগবঢ়াইছে। কাইলৈ পাঠশালাৰ অধিৱেশন প্রাঙ্গনতে দুয়োকে অসম সাহিত্য সভাই এই সন্মান আনুষ্ঠানিকভাৱে আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক