তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ বিকাশ হাৰ ৬ ৰ পৰা ৮ শতাংশৰ ভিতৰত থাকিব বুলি আস্থা প্ৰকাশ কৰিছে। ডাভোছত কালি এটা টি ভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী বৈষ্ণৱে কয়, যে ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাণ্ডাৰীসকলে ভাৰত অনাগত সময়ত খণ্ডটোৰ শীৰ্ষ তিনিটা আকৰ্ষণীয় স্থানৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ’ব বুলি বিশ্বাস কৰে। কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত মত প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে কৃত্রিম বুদ্ধিমত্তাৰ বাবে মূলধনী পুঁজি গঠনৰ প্ৰয়াস কৰিব লাগে বুলি ভালেসংখ্যক বিশেষজ্ঞই পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰৰ দৰে কৃত্রিম বুদ্ধিমত্তা খণ্ডতো নেতৃত্ব বহন কৰিব পাৰে বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰে। ভাৰতবৰ্ষক বিনিয়োগৰ উত্তম স্থান বুলি উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয়, যে সম্প্রতি সমগ্ৰ বিশ্বই ভাৰতক বিশ্বাস কৰে আৰু এই বিশ্বাসৰ বাবেই জনসাধাৰণে অকল যোগান শৃংখলাই নহয়, বৰং মূল্য শৃংখলাও দেশলৈ স্থানান্তৰিত কৰিবলৈ লৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নীতিসমূহৰ বাবেই দেশৰ প্ৰতি বিশ্বৰ আস্থা বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে।
বাণিজ্য শুল্ক হ্ৰাস কৰা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰী বৈষ্ণৱে কয়, যে শুল্ক ব্যৱস্থাৰ সৰলীকৰণ বৰ্তমান চৰকাৰৰ কাৰ্যসূচীৰ অন্যতম। তেওঁ কয়, যে বিগত কেইটামান বছৰত সৰলীকৰণ আৰু ডিজিটেলাইজেচনৰ ক্ষেত্ৰত যথেষ্ট কাম হৈছে আৰু ইয়াৰ পৰা উদ্যোগ আৰু গোলকীয় যোগান শৃংখলা উপকৃত হৈছে।