ডাউনলোড
মোবাইল এপ

android apple
signal

February 25, 2025 7:29 PM | Awashini Biashnav

printer

অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ দায়িত্বত থকা আন দুটা মন্ত্ৰ্যালয়, ৰেল আৰু বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ৰ অধীনত বিগত সময়ছোৱাত কোকৰাঝাৰৰ পৰা গেলেফুলৈ ৰেলপথ নিৰ্মাণ, ৰেলৱেৰ ভূমি বেদখলমুক্ত কৰি অলপতে ঘোষণা কৰা নাইলেট বিশ্ববিদ্যালয় নিৰ্মাণৰ আৰম্ভণি আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ উদ্যোগত কামৰূপ জিলাৰ আজাৰাৰ সমীপৰ বঙৰাত ইলেকট্রনিক সামগ্রী উৎপাদন কেন্দ্র গঢ়ি তোলাৰ সিদ্ধান্তক সুদূৰপ্ৰসাৰী বুলি মন্তব্য কৰে।

গুৱাহাটীৰ ৰেল ষ্টেচনক ১২ মহলা বা ততোধিক উচ্চতাৰ তথ্য প্রযুক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলা হব বুলি উল্লেখ কৰি শ্রীবৈষ্ণৱে কয়, যে যোৱা কেইবছৰত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এহেজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে আৰু ই শ্ৰীলংকাৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্যতকৈও অধিক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ জিলাৰ বাঁছবাৰীত নতুন ৰেলৰ দবা নিৰ্মাণ কাৰখানাৰ বাবে ৰাজ্য চৰকাৰে ভূমি আৱণ্টন কৰিছে আৰু শীঘ্ৰেই ইয়াৰ কাম আৰম্ভ হব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে লামডিঙত ৰেল ইঞ্জিন পুনৰ নিৰ্মাণ কাৰখানা স্থাপনৰ কথাও ঘোষণা কৰে। শ্রীবৈষ্ণৱে ভাষণৰ মাজতে নাটকীয়ভাৱে টাটা ইলেকট্রনিক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ৰনধীৰ ঠাকুৰক ভাষণস্থলীলৈ মাতি আনে আৰু তেতিয়াই অধ্যক্ষগৰাকীয়ে তুমুল হর্ষধবনিৰ মাজত অসমত এটা মোবাইল ফোন নিৰ্মাণ কাৰখানা স্থাপন কৰাৰ কথা ঘোষণা কৰে। বিশ্বত বছৰি ১ ট্রিলিয়ন ছেমি কণ্ডাক্টৰ চিপছৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰি শ্রীবৈষ্ণৱে জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰা বছৰি ১৫ নিযুত চিপছ উৎপাদন হব বুলি জানিবলৈ দিয়ে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাৰ শলাগ লৈ ৰাজ্যখনৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত তেওঁক সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক