ভাৰত চৰকাৰৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত ইণ্ডিয়ান অইল ক’ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত আজি নগাঁৱত এটা সজাগতামূলক কার্যসূচী গ্ৰহণ কৰা হয়। নগাঁও নাট্যমন্দিৰত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ ৰন্ধন গেছৰ বিভিন্ন বিতৰকৰ যোগান ধৰোতা আৰু মেকানিক সকলৰ সৈতে মত বিনিময় অনুষ্ঠান সম্পন্ন কৰা হয়। এই অনুষ্ঠানত ইণ্ডিয়ান অইলৰ ৰাজ্যিক কাৰ্যলয়ৰ মহাপ্রবন্ধক দিনেশ প্রসাদ বিদ্যার্থীকে ধৰি কেইবাজনো বিষয়াই অংশগ্রহণ কৰে। ইয়াৰ লগতে নগাঁৱৰ অগ্নি নির্বাপক বাহিনীৰ সহযোগতো অগ্নি প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা অনুষ্ঠান আয়োজন কৰা হয়।
Site Admin | May 11, 2024 8:01 PM | Assam | Local news | Nagaon
ইণ্ডিয়ান অইল ক’ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত নগাঁৱত সজাগতামূলক কার্যসূচী
