ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণক লৈ নিৰ্বাচন হ’বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। এই পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লায়িং স্কোৱাৰ্ড আৰু নিৰীক্ষণকাৰী দলসমূহে নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

Read Now :

তৃতীয় পৰ্যায়ত হ’বলগীয়া গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোটদানৰ বাবে আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ইপিনে, নির্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে ভোটগ্রহণ হ’বলগীয়া কেন্দ্ৰসমূহত নির্বাচনী আয়োগৰ নির্দেশনামৰ্মে সুৰক্ষা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা নির্বাচন বিভাগসমূহে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আনহাতে প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰলৈ আহি ভোটদান কৰাৰ বাবে ইচ্ছুক জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক ভোটদানৰ সুবিধা কৰি দিয়াৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱা হ’ব। তদুপৰি ৫০ শতাংশ ভোটগ্রহণ কেন্দ্ৰত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হ’ব। একেদৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী আৰু ই ভি এম কঢ়িয়াই নিয়া বাহনসমূহত জি পি এছ সংলগ্ন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক